Advertisement

Responsive Advertisement

ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিলৈ ঐতিহাসিক যাত্ৰা, আন্দামানৰ পৰ্যটনত নতুন যুগৰ সূচনা

আন্দামান প্ৰশাসনৰ উদ্যোগত ভাৰতৰ চৰকাৰৰ একমাত্ৰ যাত্ৰীবাহী জাহাজ সিন্ধু সক্ৰিয় আগ্নেয়গিৰি বেৰেন দ্বীপলৈ প্ৰথম যাত্ৰা সফলতাৰে সমাপ্ত কৰে। জাহাজখনত ৫০০ যাত্ৰী আৰু ১২৫ জন ছাত্ৰ-ছাত্ৰী আছিল। যাত্ৰাৰ সময়ত যাত্ৰীসকলে আগ্নেয়গিৰিৰ ৰঙা জিলিকনি আৰু সূৰ্য্য উদয়ৰ সাক্ষী হয়

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰ্যটনক এক নতুন দিশ দিয়াৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। যাত্ৰীবাহী জাহাজ সিন্ধুভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি বেৰেন দ্বীপলৈ প্ৰথম যাত্ৰা সফলতাৰে সমাপ্ত কৰিছে। শনিবাৰে জাহাজখনে সকলো যাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক লৈ নিৰাপদে পৰ্ট ব্লেয়াৰলৈ উভতি যায়। এই যাত্ৰাক আন্দামান প্ৰশাসনৰ বাবে এক বৃহৎ সাফল্য হিচাপে গণ্য কৰা হৈছে।

২৪ অক্টোবৰৰ নিশা ৯ বজাত হাড্ডো ঘাটৰ পৰা ফ্লেগ অফ কৰে মুখ্য সচিব ড০ চন্দ্ৰ ভূষণ কুমাৰে। পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে স্থানীয় দ্বীপবাসীক তেওঁলোকৰ প্ৰাকৃতিক ঐতিহ্যৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই যাত্ৰা আৰম্ভ কৰা হৈছিল। প'ৰ্ট ব্লেয়াৰৰ পৰা সাগৰৰ মাজেৰে প্ৰায় ১৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বেৰেন দ্বীপ ভাৰত আৰু বাৰ্মিজ টেকটনিক প্লেটৰ সংযোগস্থলত অৱস্থিত আৰু ভাৰতীয় উপমহাদেশৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি।

"সিন্ধু" জাহাজখনে প্ৰায় ৫০০ যাত্ৰী কঢ়িয়াই লৈ সম্পূৰ্ণ যাত্ৰা কৰিছিল ইয়াৰ ভিতৰত আছিল দ্বীপপুঞ্জৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচিত চৰকাৰী বিদ্যালয়ৰ ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰী। যাত্ৰীসকলে আগ্নেয়গিৰিটোক ওচৰৰ পৰা দেখাটো এক ৰোমাঞ্চকৰ অভিজ্ঞতা বুলি অভিহিত কৰে। এগৰাকী যাত্ৰীয়ে কয় যে কেইটামান নটিকেল মাইলৰ দূৰত্বৰ পৰা আগ্নেয়গিৰিটো ৰঙা জিলিকি থকা লাভা দেখি আচৰিত হৈছিলো। আন এগৰাকী পৰ্যটক এছ পিল্লাই জাহাজখনৰ কৰ্মচাৰীসকলৰ সৌজন্যতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু সুস্বাদু খাদ্যৰ প্ৰশংসা কৰে।

যাত্ৰা ভ্ৰমণসূচী আৰু প্ৰাকৃতিক দৰ্শনীয় স্থান

শুকুৰবাৰে সন্ধিয়া হাড্ডো ঘাটৰ পৰা জাহাজখন ৰাওনা হয় আৰু পিছদিনা পুৱা যাত্ৰীসকলে আগ্নেয়গিৰিটোৰ এক দৃশ্য প্ৰত্যক্ষ কৰে, কিয়নো দ্বীপটোৰ শৃংগটো ৰঙা হৈ জিলিকি উঠিছিল। শনিবাৰে পুৱা জাহাজখনে সমগ্ৰ দ্বীপটো ঘূৰি ফুৰিছিল, যাৰ ফলত যাত্ৰীসকলে সূৰ্য্য উদয় আৰু আগ্নেয়গিৰিৰ সৌন্দৰ্য্যৰ এক আচৰিত দৃশ্য উপভোগ কৰিছিল। ইয়াৰ পিছত "সিন্ধু" জাহাজখনে পুৱা ৮ বজাত উভতনি অহা যাত্ৰা আৰম্ভ কৰি বিয়লি ৩ বজাৰ ওচৰত প'ৰ্ট ব্লেয়াৰলৈ উভতি আহে। এই যাত্ৰাই আজিলৈকে প্ৰশাসনৰ আটাইতকৈ অনন্য আৰু ঐতিহাসিক সামুদ্ৰিক অভিযান বুলি প্ৰমাণিত হয়।

পৰ্যটনত সুবিধা, ভাড়া, আৰু নতুন পদক্ষেপ

"সিন্ধু" জাহাজখনত চাৰি ধৰণৰ থকাৰ ব্যৱস্থা আছে: ক'ৰাল ছুইট, ৰিফ ছুইট, আইলেণ্ড ব্ৰিজ, আৰু লেগুন। গোটেই যাত্ৰাকালত খাদ্যৰ বাবে অতিৰিক্ত ২০০০ টকা লোৱা হব। মুখ্য সচিব ড০ কুমাৰে উল্লেখ কৰে যে এতিয়া প্ৰতিমাহে এনে দুখন যাত্ৰাৰ আয়োজন কৰা হব যাতে পৰ্যটক আৰু স্থানীয় লোকে এই উল্লেখযোগ্য প্ৰাকৃতিক দৃশ্যটো ওচৰৰ পৰা চাব পাৰে। তেওঁ কয় যে এই সেৱাই আন্দামানৰ পৰ্যটন খণ্ডত এক নতুন যুগৰ সূচনা কৰিছে।

Post a Comment

0 Comments