ফুটবল বিশ্বকাপৰ ড্ৰ-অনুষ্ঠানত চমক। মেক্সিকো আৰু কানাডাৰ সৈতে আমেৰিকাই আয়োজন কৰিবলগীয়া ফুটবল বিশ্বকাপৰ টুৰ্ণামেণ্টৰ অনুষ্ঠান ড্ৰ’ ৱাশ্বিংটনত অনুষ্ঠিত হয়, য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফিফাৰ অধ্যক্ষ জিয়ানি ইনফান্টিনোৱে ফিফাৰ নতুনকৈ প্ৰৱৰ্তন কৰা “শান্তি পুৰস্কাৰ” প্ৰদান কৰে। এই নতুন পুৰস্কাৰৰ জৰিয়তে এনে ব্যক্তিক সন্মান জনোৱা হয় যিসকলে মানুহক একত্ৰিত কৰিব পাৰে আৰু ভৱিষ্যত প্ৰজন্মক আশাৰ বাট দেখুৱাব পাৰে।"
ট্ৰাম্পে লাভ কৰিলে শান্তিৰ পুৰস্কাৰ
ইনফান্টিনোৱে
ট্ৰাম্পক “জনগণৰ প্ৰতি যত্ন লোৱা নেতা”
বুলি অভিহিত কৰে। তেওঁক এটা
গ্ল’ব তুলি লোৱা
হাতৰ আকৃতিৰ সোণালী ৰঙৰ ট্ৰফী আৰু
সোণৰ পদক প্ৰদান কৰা
হয়। প্ৰমাণপত্ৰখনত বিশ্বজুৰি “শান্তি আৰু ঐক্য প্ৰসাৰিত”ৰ ক্ষেত্ৰত ট্ৰাম্পৰ
ভূমিকা উল্লেখযোগ্য বুলি প্ৰশংসা কৰা
হৈছে। ইনফান্টিনোৱে ঘোষণা কৰিলে, “এই পুৰস্কাৰ আপোনাৰ।
ট্ৰাম্পে এই স্বীকৃতিক নিজৰ জীৱনৰ এক ডাঙৰ সন্মান বুলি অভিহিত কৰে। তেওঁ নিজৰ পৰিয়ালক বিশেষকৈ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পক ধন্যবাদ জনায়। বিশ্বকাপৰ আয়োজক দেশ হিচাপে এই অনুষ্ঠানত উপস্থিত থকা কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু মেক্সিক’ৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামকো ধন্যবাদ জ্ঞাপন কৰে।
দীৰ্ঘদিন
ধৰি শান্তিৰ ন'বেল বঁটা
লাভ কৰাৰ ইচ্ছা প্ৰকাশ
কৰি আহিছিল ট্ৰাম্পে। গাজা যুদ্ধবিৰতি চুক্তিত
লোৱা ভূমিকাৰ বাবে ট্ৰাম্পে এই
পুৰস্কাৰ লাভ কৰিব লাগে
বুলিও ইনফান্টিনোৱে বিগত সময়ত পৰামৰ্শ
দিছিল। ফলত বহুতে ট্ৰাম্পক
ফিফাৰ নতুন পুৰস্কাৰৰ সম্ভাৱ্য
প্ৰাৰ্থী হিচাপে অনুমান কৰিছিল।
ফিফাই
দাবী কৰিছে যে শান্তি পুৰস্কাৰ
এনে ব্যক্তিক দিয়া হয় যিসকলে “শান্তিৰ
বাবে অসাধাৰণ আৰু ব্যতিক্ৰমী পদক্ষেপ”
গ্ৰহণ কৰিছে। ফুটবলৰ উৰ্ধত এই নতুন পদক্ষেপটো
হৈছে ইনফেণ্টিনোৰ দীৰ্ঘদিনীয়া দাবীৰ সম্প্ৰসাৰণ যে ফুটবল বিশ্বৰ
সৰ্বশ্ৰেষ্ঠ একত্ৰীকৰণ শক্তি।

0 Comments