Advertisement

Responsive Advertisement

গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত

গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত

2026 চনৰ পহীলা জানুৱাৰীৰ দিনাই ৰাজ্যবাসীৰ বাবে আহিল ভাল খবৰ। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিলে গুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল।

কিমান হ'ব ভাৰা, কি কি সুবিধা থাকিব?

বছৰৰ প্ৰথমটো দিনতে ভাল খবৰ ৰে'ল যাত্ৰীসকলৰ বাবে । এতিয়া গুৱাহাটী কলিকতা যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক হৈ পৰিব ৰে'ল যাত্ৰা। ভাৰতীয় ৰে'ল বিভাগে সোনকালে গুৱাহাটী আৰু কলকাতাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল মুকলি কৰিব। গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। বৃহস্পতিবাৰে এই ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। লগতে তেওঁ উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব এই নতুন ৰে'ল সেৱাৰ। এই অত্যাধুনিক বন্দে ভাৰত শ্লীপাৰ ৰে’লখন দূৰণিবটীয়া যাত্ৰা আৰু নিশাৰ যাত্ৰাৰ বাবে সুবিধাজনক হোৱাকৈ তৈয়াৰ কৰা হৈছে।



সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত এই ৰে’লখনত মুঠ ১৬টা ডবা থাকিব, য’ত থাকিব ১১টা এচি ৩-টায়াৰ, থাকিব ৪টা এচি ২-টায়াৰ আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব ট্ৰেইনখনত। গুৱাহাটী-কলকাতাৰ মাজত চলাচল হ'বলগীয়া বন্দে ভাৰত শ্লীপাৰ ৰে’লখনত প্ৰায় ৮২৩গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। 

গুৱাহাটীৰ পৰা কলকাতালৈ চলিবলগীয়া এই বন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ ভাৰা হ’ব পাৰে ২,৩০০-৩,৬০০ টকা। এচি ৩-টায়াৰৰ ভাৰা হ'ব পাৰে ২,৩০০ টকা। এচি ২-টায়াৰৰ ভাৰা ৩,০০০ টকাৰ হোৱাৰ সম্ভাৱনা। এ চি ফাৰ্ষ্ট ক্লাছৰ ভাৰা হ'ব পাৰে ৩,৬০০ টকা।

যাত্ৰীসকলে এই ৰে'লখনত যাত্ৰাৰ সময়ত কেইবাটাও উন্নতমানৰ বৈশিষ্ট্যৰ দ্বাৰা উপকৃত হ’ব। স্বয়ংক্ৰিয় দুৱাৰ আৰু উচ্চমানৰ ছাচপেনচন আৰু শব্দ হ্ৰাসৰ ব্যৱস্থাও থাকিব এই ট্ৰেইনখনত। ৰে'লযাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব এই ৰে'লখনত। 

Post a Comment

0 Comments