ধনতেৰাছৰ দিনা মা লক্ষ্মী লগতে কাক পূজা কৰিলে জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়
প্ৰতি বছৰে কাতি মাহৰ
কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰাছৰ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ
প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয়। ধৰ্মীয়
বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ
দিনা ভগৱান ধন্বন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল। এই দিনটোত ভগৱান ধন্বন্তৰীৰ লগতে মা
লক্ষ্মীক পূজা কৰিলে আশীৰ্বাদ পোৱা যায় আৰু জীৱনত কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন
নহয় বুলি বিশ্বাস আছে। ধন্বন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। যাৰ
বাবে এই বিশেষ দিনটোক ধনতেৰাছ বুলি জনা যায়।
প্ৰধানকৈ ধনতেৰাছত শুভ ফলৰ বাবে লক্ষ্মী-গণেশৰ ছবি থকা সোণ, ৰূপ বা পিতলৰ সামগ্ৰী আৰু ধন্বন্তৰী, কুবেৰক পূজা কৰা উচিত। লক্ষ্মী পূজাৰ দিনটোত শ্ৰী যন্ত্ৰ ঘৰলৈ আনি পূজা কৰিলে আৰু ইতিবাচক শক্তি আৰু ধন-সম্পত্তি লাভ হয় বুলি বিশ্বাস কৰা হয়। বিশেষকৈ সোণ বা ৰূপৰ সামগ্ৰী বা মুদ্ৰা কিনিব লাগে। পিতলৰ পৰা তৈয়াৰী ধাতুৰ সামগ্ৰী ক্ৰয় কৰা অতি শুভ বুলি গণ্য কৰা হয়।

0 Comments