Advertisement

Responsive Advertisement

২০০১ চনৰ পৰা ২০১৩-১৪ চনলৈ অসমত ১৯৩টা গঁড় হত্যা

২০০১ চনৰ পৰা ২০১৩-১৪ আগষ্টলৈকে প্ৰায় ১৩ বছৰ অসমত চোৰাংচিকাৰীয়ে ১৯৩টা গঁড় হত্যা কৰি শিঙ কাটি পেলাইছে।এই সময়ছোৱাত সৰ্বাধিক ১২৬টা গঁড় হত্যা কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, তাৰ পিছতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৩১টা, পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১৪টা, মানস ৰাষ্ট্ৰীয় উদ্যানত ৭টা আৰু আন ১৫টা গঁড় হত্যা কৰা হৈছে বন বিভাগ।

এই সময়ছোৱাত কাজিৰঙাৰ ৮৭৩টা গঁড়, ৬৩টা বাঘ আৰু ২৫৪টা হাতীৰ স্বাভাৱিক মৃত্যু হয়। বিধান সভাৰ এক প্ৰশ্নৰ উত্তৰত সেই সময়ৰ অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। সদনত দাখিল কৰা তথ্য অনুসৰি ২০১৩ চনত সৰ্বাধিক ৪১টা গঁড় চিকাৰ হোৱাৰ বিপৰীতে ২০০২ আৰু ২০০৪ চনত প্ৰতি বছৰে পাঁচটা গঁড়ৰ চোৰাং চিকাৰৰ সংখ্যা সৰ্বনিম্ন হোৱা দেখা গৈছে।


সংগ্ৰহ ঃ দি হিন্দু কাকত

https://www.thehindu.com/news/national/other-states/193-rhinos-killed-in-assam-since-2001/article6301585.ece

Post a Comment

0 Comments