চান্দডুবি হ্ৰদ - ১৮৯৭ চনৰ ১২ জুন তাৰিখে সন্ধিয়া অসমত হোৱা ভূমিকম্পৰ ফলত এই বিল গঠন হৈছিল। সেই সময়ছোৱাত পাহাৰেৰে আবৰে এখন অৰণ্যখন তললৈ নামি আহি এই হ্ৰদৰ সৃষ্টি হৈছিল।
অসম আৰু মেঘালয়েৰে আগুৰি থকা গাৰো পাহাৰৰ তলত থকা চান্দডুবি হ্ৰদটো এক শক্তিশালী ভূমিকম্পৰ ফলত সৃষ্টি হোৱাৰ পিছতে এক নিস্তব্ধ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই হিচাপে পৰিচিত। কামৰূপ জিলাত অৱস্থিত এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা হ্ৰদটোৰ চাৰিওফালে ঘন অৰণ্য, চাহ বাগিচা, বিভিন্ন গাঁও। এই হ্ৰদৰ পানী স্বটিক স্বচ্ছ কাৰণ ই প্ৰদূষণৰ পৰা বহু নিলগত, যাৰ ফলত শীতকালত বিভিন্ন দেশৰ পৰা পৰিভ্ৰমী চৰাই আহি ইয়াত আশ্ৰয়স্থল হিচাপে পৰিভ্ৰমণ কৰে।
গুৱাহাটী চহৰৰ পৰা মাত্ৰ ৬৫ কিলোমিটাৰ দূৰত্বত অসম আৰু মেঘালয়েৰে আগুৰি থকা গাৰো পাহাৰৰ পাদদেশত অৱস্থিত। ভূমিকম্পত জন্ম হোৱা এই হ্ৰদৰ অঞ্চল মুঠ ২০০০ হেক্টৰ মাটি সামৰি লৈছে।

0 Comments